পাঠশালা,5 এপ্ৰিল:ৰাজ্যত কাইলৈ অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ মঙলবাৰে বজালীৰ ভৱানীপুৰত ১২ গৰাকী আৰু পাটাছাৰকুছিত ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৷ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সোমবাৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত বজালী জিলা প্ৰশাসনে স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষত ব্যাপক ব্যস্ততা পৰিলক্ষিত হয় ৷ নিয়ন্ত্ৰণ কক্ষটোৰ পৰা প’লিং আৰু প্ৰিজাইডিং বিষয়াসকলে ইভিএমৰ লগতে ভোটগ্ৰহণৰ বাবে অন্যান্য যাৱতীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰে ৷
উল্লেখ্য যে, পাটাছাৰকুছিত ১,৪৩,৫০৯ গৰাকী ভোটাৰে ১৯৪ টা ভোটকেন্দ্ৰত সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ সমষ্টিটোত ৭২,৫১৮ গৰাকী পুৰুষ ভোটাৰ থকাৰ বিপৰীতে আছে ৭০,৯৯১ গৰাকী মহিলা ভোটাৰ ৷