জনীয়া, 25 মাৰ্চ: বুধবাৰে কলগাছিয়াত উদ্বোধন কৰা হয় এ আই ইউ ডি এফ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয় ৷ এই কাৰ্যালয় উদ্বোধন কৰে সাংসদ আব্দুল খালেকে ৷
কলগাছিয়াৰ এই নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধন অনুষ্ঠানত অংশ লৈ সাংসদ আব্দুল খালেকে "অসম থাকিলেহে, হিন্দু-মুছলমান থাকিব" মন্তব্য কৰে ৷ মহাজোঁটৰ চৰকাৰ আহিলে সৰ্বা-হিমন্তৰ বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’ব বুলিও কয় সাংসদ গৰাকীয়ে । মহাজোঁটৰ চৰকাৰ হ’লে আইনী প্ৰক্ৰিয়াৰে ডি ভোটাৰৰ সমস্যাৰ সমাধান কৰিব আৰু বিজেপি নামৰ দৈত্যটোক পিঞ্জৰাত বন্দী কৰা হ’ব বুলি কটাক্ষ কৰে সাংসদ গৰাকীয়ে । লগতে বিহাৰৰ বিধায়কক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে গণতন্ত্ৰক হত্যা কৰাসকল হিটলাৰৰ বংশধৰ বুলিও কয় সাংসদ আব্দুল খালেকে ।