অসম

assam

By

Published : Oct 7, 2019, 7:52 PM IST

ETV Bharat / state

জনীয়াত আৰম্ভ হৈছে উপনিৰ্বাচনৰ কুচকাৱাজ

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত ৷ কলগাছিয়াত বিজেপি আৰু এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

বৰপেটা, 7 অক্টোবৰঃ কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন ৷ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত বিজেপি দলৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে জনীয়া সমষ্টিৰ মানুহে পৰিবৰ্তন বিচাৰিছে, উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোট দিব বুলি বিশ্বাস প্ৰাৰ্থীগৰাকীৰ ৷ বিজেপি প্ৰাৰ্থী গৰাকীয়ে জনীয়া সমষ্টিৰ পৰা জয়ী হ'লে পূৰ্বে ঘোষণা কৰা মৰ্মে কলগাছিয়াৰ মহকুমা কলগাছিয়াতেই স্থাপন, জনীয়া সমষ্টিত মিনি ষ্টেডিয়াম আৰু কলগছীয়াত এখন ৰঙ্গমঞ্চ নিৰ্মাণ কৰিব বুলিও আশ্বাস দিয়ে ৷ লগতে তেওঁ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন বিজেপিৰ

ইফালে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফেও কলগাছিয়াত মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে ৷ এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানক কটাক্ষ কৰি কয় যে, তেওঁ ভ্ৰাম্যমাণ মঞ্চৰ মানুহ আৰু তেওঁক জনীয়াৰ সাধাৰণ ভোটাৰ ৰাইজে চিনি নাপায় সেয়ে জনীয়াত তেওঁ কাৰণে কোনো ফেক্টৰ নহয় ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন এ আই ইউ ডি এফৰ

ABOUT THE AUTHOR

...view details