জনীয়া, 7 অক্টোবৰ : জনীয়া বিধানসভা সমষ্টিত 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ৰাইজৰ মন জয় কৰাৰ লক্ষ্যৰে বিভিন্ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে দলসমূহে ৷ এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চান মামুদ ।
জনীয়াত তীব্ৰতৰ নিৰ্বাচনী প্ৰচাৰ - নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চান মামুদ
জনীয়া বিধানসভা সমষ্টিত 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চান মামুদে । দলীয় কৰ্মী-সমৰ্থকক লগত লৈ এক শতাধিক বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে চান মামুদে ৷
![জনীয়াত তীব্ৰতৰ নিৰ্বাচনী প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4676394-thumbnail-3x2-npp-2.jpeg)
চান মামুদৰ নিৰ্বাচনী প্ৰচাৰ
দলীয় কৰ্মী-সমৰ্থকক লগত লৈ এক শতাধিক বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে চান মামুদে ৷ মামুদৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিছে পাৰ্টিৰ ৰাজ্যিক সম্পাদক আবুল হুছেইনে । দলীয় কৰ্মী-সমৰ্থকসকলক লগত লৈ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিলে চান মামুদে ৷
নেচনেল পিপুলচ পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ
Last Updated : Oct 7, 2019, 1:08 PM IST
TAGGED:
জনীয়া বিধানসভা সমষ্টি