বৰপেটা, 31 মাৰ্চ :অহা 6 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ইয়াকে লৈ গৰম হৈ পৰিছে সৰুক্ষেত্ৰীৰ ৰাজনৈতিক বতাহ ৷ বুধবাৰে সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাই ৷
নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় যে, পদুম মানে হাতী, হাতী মানে পদুম ৷ অহা এক বছৰত এক লাখ চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি মন্ত্ৰী শৰ্মাৰ ৷ তেওঁ লগতে কয়, বদৰুদ্দিন আজমলে সংখ্যালঘু মহিলাক সন্তান জন্ম দিয়াৰ মেছিন বনাব খুজিছে ৷ আজমলৰ পেটত সন্তান জন্ম হ'লেহে গম পালেহেঁতেন সন্তান জন্ম দিয়াৰ যন্ত্ৰণা ৷
বন্ধন বেংকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বন্ধন বেংকৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ ডেকাসকলক বিজেপি ৰঙৰ অৰ্থাৎ গেৰুৱা ৰঙৰ বুলেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীকো স্কুটী দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনুযায়ী প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিদিনে এশ টকাকৈ খৰচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ ৷