বৰপেটা,11 এপ্ৰিল: বৰপেটাৰোড 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই এম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ ৷ দুই শতাধিক কৰ্মী - সমৰ্থকক লগত লৈ বৰপেটাৰোড চহৰৰ অলিয়ে-গলিয়ে নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে ৷
বৰপেটাৰোডত চি পি আই এম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ
"বিগত সময়চোৱাত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে ৷ এই সাম্প্ৰদায়িক দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে ভোটাৰে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত চি পি আই এম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাক ভোট দিব ৷" নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই এম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাই ৷

নিবনুৱা সমস্যা, দৰিদ্ৰতা,কোকৰাঝাৰ লোকসভা সমষ্টিৰ উন্নয়ন আৰু অধিকাৰৰ সমস্যা সমাধানৰ দাবী সংসদৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিব বুলিও কয় চি পি আই এমৰ প্ৰাৰ্থীগৰাকীয়ে ৷ কেৱল এয়াই নহয়,কোকৰাঝাৰ লোকসভা সমষ্টিত কোনোবাই বড়োৰ শ্লোগান দিছে তথা আন কোনোবাই অনাবড়োৰ শ্লোগান দিছে বুলি উল্লেখ কৰি চি পি আই এম দলে কিন্তু ঐক্যৰ শ্লোগান দিহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলিও কয় বিৰাজ ডেকাই ৷