অসম

assam

ETV Bharat / state

কৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী - প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰ

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰ হিচাপে ৰাজ্যখনত কৰ্মৰত হৈ থকা ৮০০ যুৱক যুৱতী হৈ পৰিল কৰ্মহীন ।

কৰ্মহীন হৈ পৰিল বহু যুৱক যুৱতী
কৰ্মহীন হৈ পৰিল বহু যুৱক যুৱতী

By

Published : Apr 5, 2020, 10:04 AM IST

বৰপেটা, ৫ এপ্ৰিলঃলক ডাউনৰ মাজতে চাকৰি গ'ল ৰাজ্যখনৰ ৮০০ যুৱক যুৱতীৰ । প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ঠিকাভিত্তিত কৰ্মৰত যুৱক যুৱতী কৰ্মসংস্থাপনহীন হ'ব লগীয়া হ'ল । প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আৰোগ্য মিত্ৰ আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান মিত্ৰ হিচাপে ৰাজ্যখনত কৰ্মৰত হৈ আছিল প্ৰায় ডেৰ হাজাৰ যুৱক যুৱতী । কিন্তু সম্প্ৰতি ৮০০ গৰাকী যুৱক যুৱতীক চুক্তিৱদ্ধ নকৰাকৈ চাকৰিৰ পৰা আঁতৰাই পঠায় বুলি অভিযোগ তুলিছে ভূক্তভোগী যুৱক যুৱতীসকলে । নতুনকৈ নিবিদা লাভ কৰা ফেমিলি হেল্থ প্লেন ইঞ্চুৰেঞ্চ টিপিএ লিমিটেড নামৰ সংস্থাটোৱে নতুনকৈ কৰ্মচাৰী নিযুক্তিৰ সময়ত কোনো নীতি নিৰ্দেশনা পালন কৰা নাই বুলিও অভিযোগ তুলিছে কৰ্মহীন হৈ পৰা যুৱক যুৱতীসকলে । উল্লেখ্য যে, বৰপেটা জিলাত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত কৰ্মৰত হৈ থকা ৫২ জন কৰ্মচাৰীৰ ভিতৰত ২৬ জনেই চাকৰি হেৰুৱাবলগীয়া হয় ।

কৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী

ABOUT THE AUTHOR

...view details