বৰপেটা,15 মে': শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ ৷ বৰপেটা চহৰৰ মূল ঈদগাহ ময়দানতো শুকুৰবাৰে অনুষ্ঠিত নহ'ল ঈদ উল ফিতৰৰ সমূহীয়া নামাজ ৷ মহামাৰী কৰ’ণাসৃষ্ট ভয়াৱহ পৰিস্থিতি তথা কৰ’ণা নিৰ্মূল আৰু সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি বৰপেটাত সমুহীয়া ঈদৰ নামাজত অংশ নল’লে কোনো ইছলামধৰ্মী লোকে ৷ বিপৰীতে ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰে প্ৰতিগৰাকী ইছলামধৰ্মী লোকে ৷
এমাহজোৰা ৰমজানৰ ৰোজাৰ পিছত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰাৰ বিপৰীতে বৰপেটাৰ ঈদগাহ ময়দানত এইবেলি দেখা গ'ল এক নিস্তেজ, উকা পৰিৱেশ ৷ আনকি চৰকাৰী নিৰ্দেশৰ প্ৰতি সন্মান জনাই বৰপেটা চহৰত থকা ঈদগাহ ময়দানখনৰ মূল প্ৰৱেশপথ বন্ধ কৰি দিয়ে ঈদগাহ সমিতিয়ে ৷