জনীয়া, 15 অক্টোবৰ :কলগাছিয়াৰ বামুণটাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ । বিজয়া দশমীৰ দিনটোত সংযুক্ত কিষাণ মৰ্চাই দেশৰ এই দুই শীৰ্ষ নেতাক অসুৰ আখ্যা দি তেওঁলোকৰ প্ৰতিকৃতি দাহ কৰি বিসৰ্জন দিয়ে । কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনিখনকৈ কৃষি আইন, কৃষক উচ্ছেদ অভিযান, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দ্ৰুত মূল্য বৃদ্ধি আদিৰ প্ৰতিবাদ কৰে ৷
ইয়াৰোপৰি উত্তৰ প্ৰদেশৰ লখিমপুৰত মন্ত্ৰী পুত্ৰৰ গাড়ীৰ খুন্দাত কৃষকক হত্যা কৰা, পেট্ৰ’লিয়াম জাতীয় সামগ্ৰীৰ লেকাম বিহীন মূল্য বৃদ্ধি আৰু ৰাজহুৱা সম্পদক বৃহৎ পূঁজিপতিৰ হাতত অৰ্পণ আদিৰ ফলত চৰকাৰে দেশৰ সাধাৰণ জনতাৰ ৰাজহাড় কোঙা কৰি পেলাইছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে । কৃষি আইনৰ বিৰুদ্ধে প্ৰায় বছৰযোৰা কৃষক আন্দোলনৰ পিছতো চৰকাৰে এই আইন বাতিল নকৰাক লৈয়ো তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে ৷