অসম

assam

ETV Bharat / state

কলগাছিয়াত কৃষি আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ - kalgachia protest

শনিবাৰে কলগাছিয়াৰ বামুনটাৰী বজাৰত কৃষক বিদ্ৰোহক সমৰ্থন কৰাৰ লগতে কৃষি আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ চিপিআই(এম)ৰ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদস্থলী ৷

effigy burnt of pm modi in kalgachia
কলগাছিয়াত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

By

Published : Dec 6, 2020, 8:20 AM IST

জনীয়া,6 ডিচেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ বামুনটাৰী বজাৰত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে চিপিআই(এম)য়ে ৷ দিল্লীত চলি থকা কৃষক বিদ্ৰোহক সমৰ্থন কৰাৰ লগতে কৃষি আইন বাতিলৰ দাবীৰে নিখিল ভাৰত কৃষক সভা উদমাৰী আঞ্চলিক শাখাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

কলগাছিয়াত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

প্ৰতিবাদত দিল্লী আন্দোলনৰ দাবীসমূহ মানি লওক, মোদী চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুর্দাবাদ, কৃষক বিৰোধী আইন বাতিল কৰক, কৃষকসকলক হত্যা কৰা নচলিব, কৃষি আইন বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে চিপিআই(এম)য়ে ৷

লগতে পঢ়ক :তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details