জনীয়া, 26 অক্টোবৰ:বাঘবৰ বিধায়ক শ্বেৰমান আলী আহমেদে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী উত্থাপন কৰা প্ৰসংগত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাচতে সৰৱ হৈ পৰিছে মিঞা সমাজ ৷ মিঞা মিউজিয়াম প্ৰসংগক লৈ সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে,সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বাঘবৰ সমষ্টিৰ প্ৰায় শতাধিক লোকে ৷
হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহেৰে বাঘবৰত প্ৰতিবাদ - বাঘবৰ বিধায়ক
সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বাঘবৰ সমষ্টিৰ প্ৰায় শতাধিক লোকে ৷ মন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ
সমষ্টিটোৰ সুখোৱাৰঝাৰ বজাৰত সোমবাৰে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভিন্ন শ্ল'গান প্ৰদানৰ লগতে,মিঞা মিউজিয়ামৰ দাবীৰে শ্ল'গান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷ লগতে শ্বেৰমান আলী জিন্দাবাদ ধ্বনিৰে এটা জাতিক লক্ষ্য কৰি ভৱিষ্যতে তেওঁলোকক লৈ কটু মন্তব্য নকৰিবলৈ প্ৰতিবাদযোগে মন্ত্ৰী গৰাকীক সকীয়নি প্ৰদান কৰে ৷