অসম

assam

ETV Bharat / state

Khel Maharan in Barpeta; আগন্তুক দুবছৰৰ বাবে ৰাজ্যত নহয় টেট পৰীক্ষা : ডাঃ ৰণোজ পেগু

ৰাজ্যজুৰি আৰম্ভ খেল মহাৰণৰ প্ৰস্তুতি ৷ সৰভোগ সমষ্টিত খেল মহাৰণৰ প্ৰস্তুতিৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Ranoj Pegu attends review meeting of Khel Maharan
আগন্তুক দুবছৰৰ বাবে ৰাজ্যত নহয় টেট পৰীক্ষা : ড৹ ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 7:36 AM IST

Updated : Oct 13, 2023, 8:56 AM IST

আগন্তুক দুবছৰৰ বাবে ৰাজ্যত নহয় টেট পৰীক্ষা : ড৹ ৰণোজ পেগু

বৰপেটাৰোড, 13 অক্টোবৰ :"LP আৰু UP ৰ কাৰণে টেট বাধ্যতামূলক ৷ টেট লাগিবই ৷ কিন্তু ৰাজ্যত চি টেট হয় । কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে দুবাৰকৈ চি টেট পাতে । কেন্দ্ৰীয় চৰকাৰে দুবাৰকৈ চি টেট পতাৰ পাচত ৰাজ্য চৰকাৰে সুকীয়াকৈ টেট পৰীক্ষা পাতিলে প্ৰাৰ্থীসকলৰ কাৰণে বোজা হয় আৰু খৰচো বাঢ়ি যায় । সেয়ে অসমৰ পৰা পতা টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ পৰা আৰু চি টেট উত্তীৰ্ণ হোৱা সকলৰ পৰাও প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব । সেয়েহে আগন্তুক দুবছৰৰ কাৰণে ৰাজ্যত টেট পৰীক্ষা স্থগিত ৰখা হ’ব ৷" বৰপেটাৰ সৰভোগত সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

সৰভোগৰ ব্ৰজসদনত বৃহস্পতিবাৰে সৰভোগ সমষ্টিত খেল মহাৰণৰ প্ৰস্তুতিৰ বাবে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ এই প্ৰস্তুতি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে ৷ আনহাতে, বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, বিটিচিৰ বিশেষ টেট পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে ৷

Six schedule অঞ্চলৰ বাহিৰত দুটা ভাষাত চি টেট নহয় ৷ তাৰে এটা হ’ল বড়ো ভাষা আনটো হ’ল মাৰ ভাষা । সেয়ে বড়ো ভাষা আৰু মাৰ ভাষাৰ কাৰণে টেট পৰীক্ষা অতি সোনকালে অনুষ্ঠিত কৰা হ’ব ৷ লগতে খেল মহাৰণৰ প্ৰস্তুতিৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী পদক্ষেপত খেল মহাৰণৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছে ৷

বৰ্তমানলৈকে বৰপেটা জিলাৰ প্ৰায় 38 হাজাৰ যুৱক-যুৱতীয়ে ক্ৰীড়া শাখাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। আগন্তুক সময়ত ক্ৰীড়াক্ষেত্ৰত দক্ষতা প্ৰদৰ্শনৰ বাবে আৰু অধিক যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । খেল মহাৰণৰ প্ৰস্তুতি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটা জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ লগতে ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Assam CM on Orunodoi: হিতাধিকাৰীৰ নতুন সংজ্ঞাৰে কিহৰ ইংগিত মুখ্যমন্ত্ৰীৰ ?

Last Updated : Oct 13, 2023, 8:56 AM IST

ABOUT THE AUTHOR

...view details