বৰপেটাৰোড, 21 জুন :কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে গ্ৰহণ কৰিছে ‘অগ্নিপথ প্ৰকল্প'(Govt announces Agnipath recruitment scheme for armed forces) । কিন্তু এই ‘অগ্নিপথ প্ৰকল্প'(Agnipath recruitment 2022)ক কেন্দ্ৰ কৰি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী(Protest against Agnipath scheme) । বিহাৰত এই বিক্ষোভে লৈছে ভয়ংকৰ ৰূপ । প্ৰতিবাদকাৰীয়ে ৰে'লপথ অৱৰোধ কৰাৰ লগতে ৰে'ল জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ(Protesters blocked the railway track in Bihar) । অসমতো এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদৰ উকমুকনি দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে, সেনাবাহিনীত ঠিকা ভিত্তিক নিযুক্তি অগ্নিপথ আঁচনি বাতিল কৰা আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ দাবীত সোমবাৰে সন্ধিয়া বৰপেটাৰোডতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ 18ৰ পৰা 20 জুনলৈকে অগ্নিপথ আচঁনিৰ তীব্ৰ বিৰোধিতা কৰি ৰাষ্ট্ৰজোৰা প্ৰতিবাদ উপলক্ষে DYFIৰ(Democratic Youth Federation of India) বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত বৰপেটাৰোডত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।