জনীয়া, 4 জুলাই: এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কোৰবাণীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰয়া আগবঢ়াইছে গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (Democratic Youth Federation of India) ৰাজ্যিক সভাপতি ৰোস্তম আলীয়ে ৷ বিজেপি আৰু আৰ এছ এছৰ লগত বদৰুদ্দিন আজমলৰ গোপন মিতিৰালি আছে বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰোস্তম আলীয়ে ৷
উল্লেখ্য যে, দেওবাৰে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য কৰিছিল যে কোৰবাণীত গৰু কটাৰ কোনো প্ৰয়োজন নাই । গৰুৰ পৰিৱৰ্তে অন্য জীৱ-জন্তু কটাৰ বাবে আহ্বান জনাইছিল এআইইউডিএফ প্ৰধানজনে (Badaruddin Ajmal on Kurbani)৷ তেওঁ লগতে কৈছিল যে, গৰুৰ কোৰবাণী দিয়াৰ ফলত দেশৰ সংখ্যাগুৰু লোকসকলৰ ধৰ্মীয় আবেগত আঘাত হানে (Cow sacrifice on Eid)৷ বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সৰ্বত্ৰে ৷ সমান্তৰালকৈ সোমবাৰে কলগাছিয়াত এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰোস্তম আলীয়ে (DYFI Assam president)৷