জনীয়া,21 জানুৱাৰী: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কলগাছিয়া চুপাৰ মাৰ্কেটত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাৰ ফলত ৰাজপথৰ পৰা পুখুৰীত বাগৰি পৰিল অবৈধ বালি ভৰ্তি ডাম্পাৰ ৷ AS-01MC-2476 নম্বৰৰ ডাম্পাৰ খনে অবৈধ ভাৱে কঢ়িয়াই আনিছিল বালি ৷ কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা পুখুৰীত বাগৰি পৰে ডাম্পাৰখন ৷ ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনজনে পানীত জপিয়াই কোনোমতে প্ৰাণ ৰক্ষা কৰে যদিও ৰাস্তাৰ কাষত থকা দুটা বিদ্যুতৰ খুটা ভাঙি পৰে ৷
কলগাছিয়াত পথ দুৰ্ঘটনা: পুখুৰীত বাগৰিল অবৈধ বালি ভৰ্তি ডাম্পাৰ - পথ দুৰ্ঘটনা
কলগাছিয়ালৈ অবৈধ বালি কঢ়িয়াই অনা এখন ডাম্পাৰ দুৰ্ঘটনাত পতিত হয় ৷ AS-01MC-2476 নম্বৰৰ ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা পুখুৰীত বাগৰি পৰে ৷
কলগাছিয়াত পথ দুৰ্ঘটনা: পুখুৰীত বাগৰিল অবৈধ বালি ভৰ্তি ডাম্পাৰ
ইফালে,দীৰ্ঘদিনৰ পৰা আমছুয়ে অবৈধ বালি খননৰ তীব্ৰ বিৰোধিতা কৰি অহাৰ লগতে বালি খনন কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক :ৰূপহীহাটত পথ দুৰ্ঘটনা: পুখুৰীত বাগৰিল কয়লা ভৰ্তি ট্ৰাক