অসম

assam

দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু

By

Published : May 6, 2021, 4:37 PM IST

দিল্লীত পুনৰ আন এজন প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু ৷ বিগত তিনিদিন ধৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছিল যুৱকজন । বুধবাৰে নিশা অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰে বৰপেটাৰ বহৰিৰ যুৱক তথা গুৱাহাটী বেলতলাৰ বাসিন্দা ড৹ পংকজ কুমাৰ মেধিয়ে (৪৭) ।

due to covid one death at delhi
দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু

বৰপেটা,৬ মে': দিল্লীত পুনৰ আন এজন প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু ৷ বিগত তিনিদিন ধৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছিল যুৱকজন । বুধবাৰে নিশা অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰে বৰপেটাৰ বহৰিৰ যুৱক তথা গুৱাহাটী বেলতলাৰ বাসিন্দা ড৹ পংকজ কুমাৰ মেধিয়ে (৪৭) । নিশা প্ৰায় ২.৩০ বজাত দিল্লীৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত মৃত্যু হয় যুৱকজনৰ ৷

ড৹ পংকজ কুমাৰ মেধি বেনেট বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আছিল । গুজৰাটৰ চুৰাটৰ আৰইচি (REC) ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং শেষ কৰি আইআইটি (IIT)ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ইঞ্জিনিয়াৰিঙত ডক্টৰেট ডিগ্ৰী লৈ চাকৰি জীৱনৰ পাতনি মেলিছিল । মেধিয়ে কৰ্মসূত্ৰে পৰিয়ালসহ দিল্লীৰ নয়ডাত বাস কৰিছিল । প্ৰতিভাৱান যুৱকজনৰ মৃত্যুত জন্মভূমি বহৰিৰ লগতে গুৱাহাটীৰ বেলতলা অঞ্চলতো শোকৰ ছাঁ পৰিছে ৷

উল্লেখ্য যে, সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ গ্ৰাসত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ । সমগ্ৰ দেশতে ভয়াৱহ হৈ পৰিছে কৰ'ণাৰ পৰিস্থিতি ৷ কৰ’ণাত আক্ৰান্ত হৈ প্ৰতিদিনে হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰিছে ৷ বিশেষকৈ ৰাজধানী দিল্লী তীব্ৰ সংকটত পৰিছে ।

লগতে পঢ়ক: সুস্থ হোৱাৰ দিশত ৰাষ্ট্ৰীয় ফুটবলাৰ অনিমেশ গোঁহাই

ABOUT THE AUTHOR

...view details