বাইহাটা চাৰিআলি, 3 জুন:ৰাজ্যত অব্যাহত আছে ইটোৰ পিছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা (Encounter at Baihata Chariali) ৷ কামৰূপ আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত এটা ড্ৰাগছ সৰবৰাহকাৰী ৷
কামৰূপ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পৰা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া নাজিৰ কাজি ওৰফে বগায়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱাৰ খবৰ লাভ কৰিছিল ৷ ইয়াৰ পিছতে বেজেৰাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰী বগাই ৷ আৰক্ষীয়ে ড্ৰাগছ লৈ আহি থকা বগাক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও সৰবৰাহকাৰীটোৱে পলায়নৰ চেষ্টা কৰে ৷ আৰক্ষীয়ে উপায়ন্তৰ হৈ বগাইক ৰুধিবলৈ গুলীচালনা কৰে (Drugs smuggler injured at police encounter) ৷
আৰক্ষীৰ গুলীয়ে বগাৰ ভৰিত আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ড্ৰাগছ সৰবৰাহকাৰীটো ৷ এই গুলীয়াগুলী ঘটনাত অসম আৰক্ষীৰ এজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হয় ৷ আহত কনিষ্টবলজনৰ নাম ভূপেন কলিতা ৷ বৰ্তমান কলিতাৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা হৈছে ৷ ঘটনাৰ লগে লগে আৰক্ষীয়ে বগাক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ কাৰণে ভৰ্তি কৰে যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বগাক ৷
জানিব পৰা মতে বগায়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰা অহাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পূৰ্বেও বগাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল যদিও বিভিন্ন কূটকৌশল কৰি পলাই ফুৰিছিল বগাই ৷
লগতে পঢ়ক :গুলীচালনাত আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল: প্ৰমাণ বিনষ্টৰ চেষ্টাৰে ট্ৰাকত অগ্নিসংযোগ