অসম

assam

মান্দিয়াপথাৰত ড্ৰাগছসহ আটক এজন

By

Published : Jun 16, 2021, 10:54 PM IST

বাঘবৰ আৰু মন্দিয়া আৰক্ষীৰ যৌথ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক । মন্দিয়া পাথাৰৰ পৰা দিঘিৰপাম গাঁৱত যৌথ অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে ৰকিবুল ইছলামক ৷

drugs-seized-at-jania
ৰাজ্যত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

বৰপেটা,16 জুন : ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান ৷ অসম আৰক্ষীয়ে (Assam Police) জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে ৷ বৰপেটা জিলাৰ বাঘবৰৰ আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰ আৰু মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৰ নেতৃত্বত নিশা মন্দিয়া পাথাৰৰ পৰা দিঘিৰপাম গাঁৱত যৌথ অভিযান ৷ মঙলবাৰে নিশা চলোৱা এই অভিযানত আলফাজ আলীৰ পুত্ৰ ৰকিবুল ইছলাম(২৭)নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ধৃত ৰকিবুলক ২৩.১৭ মি:গ্ৰা: ব্ৰাউন ছুগাৰসহ এটা এনড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ৰাজ্যত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখযোগ্য যে,ব্ৰাউন ছুগাৰ সৰবৰাহকাৰী ৰকিবুল ইছলামক চিকিৎসালয়ত কৰা স্বাস্থ্য পৰীক্ষাত ক’ভিড পজিটিভ ঘোষণা কৰাত মন্দিয়া আৰক্ষীয়ে অভিযুক্ত জনক ১০৮ সেৱাৰ জৰিয়তে কলগাছিয়াৰ ক’ভিড চেন্টাৰলৈ প্ৰেৰণ কৰে । ইতিমধ্যে ধৃত ৰকিবুল ইছলামৰ বিৰুদ্ধে মন্দিয়া আৰক্ষী চকীত 224/21 NDPS Act section 22/bৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ এনে ধৰণৰ আদৰণীয় পদক্ষেপক উক্ত অঞ্চলৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷ উল্লেখযোগ্য় যে,নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰ (Anand Mishra)ই যোগদান কৰাৰ পাচতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো অভিযান ৷ প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে ৷ সম্প্ৰতি জিলাখন অব্যাহত ৰখা হৈছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰতৰ অভিযান ৷

লগতে পঢ়ক:আৰক্ষীক কামুৰি পলায়নৰ চেষ্টা ড্ৰাগছ সৰবৰাহকাৰীৰ

ABOUT THE AUTHOR

...view details