বৰপেটা, ২৮ ফেব্ৰুৱাৰী:ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Anti drugs mission in Assam) ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্য়ে গ্ৰেপ্তাৰ হৈছে বহুতো সৰবৰাহকাৰী । ৰাজ্য়ৰ প্ৰতিখন জিলাতে আৰক্ষীয়ে ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ পিচতো সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বনেৰে সৰবৰাহ কৰি আছে নিষিদ্ধ ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে বৰপেটা জিলাতো এই অভিযান অব্য়াহত আছে । ইয়াৰ মাজতে হাউলী চহৰত ড্ৰাগছসহ আটক হৈছে দুটা সৰবৰাহকাৰী (Drugs paddler arrested in Howley) ।
বৰপেটা জিলাৰ হাউলী চহৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে (Drugs seized at Howley in Barpeta) ৷ জিলাখনৰ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত দুই ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ আৰক্ষীয়ে সদৰি কৰা মতে, শিলিগুৰিৰ পৰা সৰবৰাহ কৰিছিল এই নিষিদ্ধ ড্ৰাগছখিনি ৷ ইপিনে, ৫০০ কিলোগ্ৰাম ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী হৈছে চুমেজ আলী আৰু কামাল উদ্দিন ৷ চুমেজ আলীৰ ঘৰ হাউলীৰ ফুলকীপাৰা আৰু কামাল উদ্দিনৰ ঘৰ হাজীপাৰা গাঁৱত ৷