বৰপেটা, ৩ আগষ্ট :মাতৃক লগত লৈ পুত্ৰ বজাৰলৈ যোৱা শুনিছে, ফুৰিবলৈ যোৱা শুনিছে বা আলহী খাবলৈ যোৱাও শুনিছে ৷ পিতৃ-মাতৃক কান্ধত তুলি তীৰ্থ ভ্ৰমণ কৰোৱা শ্ৰৱণ কুমাৰৰ কাহিনীও আপুনি পঢ়িছে (Sawan kumar story) ৷ বৃদ্ধ বয়সত পুত্ৰই এইদৰে আলপৈচান ধৰি আদৰ-সাদৰ কৰিলে সকলো মাতৃৰেই মুখত হাঁহি জিলিকি থাকিব ৷
ৰ’ব আমি ক’ব খোজা কাহিনীটো অলপ বেলেগ ৷ মাতৃ ফুৰাবলৈ নিয়া পুত্ৰৰ কথা নহয়, মাতৃক লগত লৈ পুত্ৰই ড্ৰাগছ ব্যৱসায় কৰিবলৈ যোৱাৰ কথাহে আমি ক’ব খুজিছোঁ (Drugs peddler in Assam) ৷ মাতৃৰো যে কপাল, বৃদ্ধ বয়সত বেলেগ যায় তীৰ্থ ভ্ৰমণলৈ ৷ তেওঁক আকৌ পুতেকে আনিছে ড্ৰাগছ বেচিবলৈ ৷
মানুহ গুৱাহাটীৰ গাড়ীগাঁৱৰ, ধৰা পৰিল আকৌ বৰপেটাৰ ভেল্লাত ৷ মাতৃক গাড়ীত বহুৱাই ড্ৰাগছ ব্যৱসায়ী পুত্ৰ গৈছিল গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ৷ পিচে কোনোবাই আৰক্ষীক খবৰ দি বপুৰাৰ সৰ্বনাশ মাতিলে ৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত বৰপেটা সদৰ থানাৰ অ'চি ৰঞ্জন দলেৰ নেতৃত্বত অসামৰিক পোচাকত থকা আৰক্ষীৰ দল এটাই বৰপেটাৰ সমীপৰ ভেল্লাৰ পৰা আটক কৰে মাতৃ-পুত্ৰক দুয়োকে । আৰক্ষীৰ জালত পৰা যুৱকজন গুৱাহাটীৰ গাড়ীগাঁৱৰ মকবুল আলী (Drugs peddler arrested)।