বৰপেটা ১৩ মাৰ্চ:ভয়াৱহ ড্ৰাগছ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে বৰপেটাৰ বহৰি ৷ অঞ্চলটোত চাৰিটাকৈ দিনত ব্ৰাউন চুগাৰসহ আৰক্ষীৰ হাতত আটক হ'ল চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী ৷
বহৰিস্থিত তাৰাবাৰী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা কাকধোৱা গাঁৱত অভিযান চলাই আটক কৰে জিয়াৰুল দেৱান নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ৷ আৰক্ষীয়ে জিয়াৰুল দেৱানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে ব্ৰাউন চুগাৰ ভৰ্তি ৫ টাকৈ কন্টেইনাৰ, দুই শতাধিক নিচাযুক্ত টেবলেট । বৰপেটা জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক মদন কলিতা আৰু তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শুকুৰবাৰে নিশা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত কাকধোৱা গাঁৱৰ নিজ ঘৰৰ পৰা জিয়াৰুল দেৱানক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে দুয়োজনকে বৰ্তমান সোধ-পোচ অব্যাহত ৰাখিছে ৷