বৰপেটা, ৩ জুন : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ লগতে এতিয়া অধিক সজাগ হৈছে জনসাধাৰণ । মাৰাত্মক নচাজাতীয় দ্ৰব্য নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে ৰাইজ । বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাত এজন যুৱকে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে ।
ততালিকে ঘটনাস্থলীত উপস্থিত হয় মাজদিয়া আৰক্ষী । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোক ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা যুৱকজনক গতাই দিয়ে স্থানীয় ৰাইজে । আটক কৰা যুৱকজন চতলা গাঁৱৰ আবুল কালাম আজাদ বুলি জানিব পৰা গৈছে ৷ আনহাতে, আৰক্ষীয়ে যুৱকজনৰ পৰা ৭২০ টা নিচাজাতীয় টেবলেট আৰু ২০টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ।