বৰপেটা, ২ জুলাইঃঅপৰাধ ভূমিলৈ পৰিণত হৈছে বৰপেটা জিলা ৷ আৰক্ষীৰ মৌন ভূমিকাৰ সুযোগ লৈ অপৰাধীয়ে চলাই গৈছে চোৰাং বেহা ৷ বৰপেটা জিলাৰ বাঘবৰৰ ছলিমপুৰৰ পৰা AS0-O1AC-3966 নম্বৰৰ এখন টাটা মোবাইল গাড়ীত চাৰিটা গৰু কঢ়িয়াই অনাৰ সময়তে বৰপেটা চহৰত একাংশ লোকে গাড়ীখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷ ইপিনে জব্দ কৰা গৰু কেইটাৰ কোনো চালান দেখুৱাবলৈ সক্ষম হোৱা নাই গৰু ব্যৱসায়ীয়ে ৷ সম্প্ৰতি জব্দ কৰা গৰু কেইটা বৰপেটা সদৰ থানাত ৰাখি থোৱা হৈছে৷ উল্লেখ্য যে,বানৰ সময়ছোৱাত জিলাখনত গৰু চুৰিৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ বৰপেটাৰ বহু গাও বানত জলমগ্ন হৈ পৰাৰ পিচত গাৱৰ খেতিয়কে পথৰ দাঁতিত গৰু-গাই বান্ধিব লগীয়া হৈছে৷ ইয়াৰে সুযোগ লৈ নিশাৰ ভাগত চোৰে গৰু চুৰি কাৰ্য অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে আৰক্ষীয়ে এই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷
বৰপেটাত মুকলিকৈ চলিছে ড্ৰাগছ, চোৰাং গৰুৰ বেহা - etv bharat
নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জজ়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজন ছহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে৷
আনহাতে একেটা দিনতে বৰপেটাত আৰক্ষীৰ জালত পৰে এটা ড্ৰাগছ ব্যৱসায়ী ৷ নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জজ়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজন ছহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰ গাঁৱৰ ছহিদুল ইছলাম দীৰ্ঘদিনৰ পৰা পলাতক অৱস্থাত থকাৰ পিচতে শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক৷ উল্লেখ্য যে বৰপেটা আৰক্ষীয়ে বিগত ১ জুনত ব্যৱসায়ীটোৰ জিম্মাৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিছিল ৷ অৱশ্যে সেই সময়ত ব্যৱসায়ীটো পলাই সাৰিবলৈ সক্ষম হৈছিল যদিও আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক৷