বৰপেটাত জব্দ 15 লাখ টকাৰ ব্ৰাউন চুগাৰ - assam news
ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰআগদিয়া গাৱৰ আমিনুল মিঞা ৷ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ কৰে প্ৰায় 15 লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ ৷ ব্যৱসায়ীজনৰ পৰা 7টা ব্ৰাউন চুগাৰৰ পেকেটত জব্দ কৰে 275 গ্ৰাম ব্ৰাউন চুগাৰ

বৰপেটা, 5 আগষ্টঃ ড্ৰাগছৰ ঘাটিত পৰিণত বৰপেটা ৷ সোমবাৰে বৰপেটা আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ী ৷ চেঙা সমষ্টিৰ বৰ আগদিয়া গাঁৱত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত ব্ৰাউন চুগাৰসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰআগদিয়া গাঁৱৰ আমিনুল মিঞা ৷ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ কৰে প্ৰায় 15 লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ ৷ ব্যৱসায়ীজনৰ পৰা 7টা ব্ৰাউন চুগাৰৰ পেকেটত জব্দ কৰে 275 গ্ৰাম ব্ৰাউন চুগাৰ ৷ অৱশ্যে নিষিদ্ধ এই ব্ৰাউন চুগাৰ ক'ৰ পৰা সৰবৰাহ হয় সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ উল্লেখ্য,বিগত কিছু দিন পূৰ্বেও বৰপেটাৰোড আৰক্ষীয়েও ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল ৷