অসম

assam

By

Published : Jan 7, 2022, 6:25 PM IST

ETV Bharat / state

Drug peddler arrested: বৰপেটাত ড্ৰাগছসহ এজনক আটক

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে বৰপেটাত পুনৰ আটক এজন সৰবৰাহকাৰী (Drug peddler held in Barpeta)। ধৃত সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ । আৰক্ষীৰ তদন্ত অব্যাহত ।

Drug peddler arrested
বৰপেটাত ড্ৰাগছসহ এজনক আটক

বৰপেটা, ৭ জানুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । বৰপেটা আৰক্ষীয়েও শেহতীয়াকৈ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী । ইয়াৰ মাজতে সৰ্থেবাৰীত পুনৰ চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।

বৃহস্পতিবাৰে সন্ধিয়া সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীত বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলায় । এই অভিযানৰ মাজতে আৰক্ষীয়ে জব্দ কৰে ব্ৰাউন চুগাৰ ভৰ্তি ৬ টাকৈ প্লাষ্টিকৰ কণ্টেইনাৰ । আনহাতে, এই ঘটনাত এজন যুৱককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Drug peddler held in Barpeta)। ধৃত যুৱকজন আবু বক্কাৰ ছিদ্দিক বুলি জানিব পৰা গৈছে ।

বৰপেটাত ড্ৰাগছসহ এজনক আটক

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ সহযোগত যৌথভাৱে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান ।

ধৃত আবু বক্কাৰ ছিদ্দিকৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এটা মোবাইল ফোন আৰু নগদ ৫,৪০০ টকা জব্দ কৰে আৰক্ষীয়ে । আনহাতে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাংগ দেৱ উপস্থিত হৈ যাৱতীয় কাম-কাজ সম্পন্ন কৰে । ধৃত আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Anti Drugs Mission : বকো আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details