বজালী ১৫ মে': সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ৷ বজালীৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত মেছপাৰা গাঁওখনৰ কৃতি ছাত্ৰ চাইনুদ্দিনে লাভ কৰিছে এক বিশেষ সফলতা ৷ ঠেলা চলাই জীৱন নিৰ্বাহ কৰা নজৰ আলিৰ পুত্ৰ চাইনুদ্দিনে ভালাগুৰি হাইস্কুলৰ পৰা 91.3% নম্বৰ লাভ কৰি এক চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে ৷
ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সাফল্য় - ভালাগুৰি হাইস্কুল
বজালীৰ অতি দৰিদ্ৰ ঠেলা চালক নজৰ আলিৰ পুত্ৰ চাইনুদ্দিনে ভালাগুৰি হাইস্কুলৰ পৰা 91.3% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে
![ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সাফল্য়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3289342-204-3289342-1557921548327.jpg)
ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সফলতা
ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সফলতা
চাইনুদ্দিনৰ এই সফলতাৰ বাবে বিদ্যালয়খনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ দুপৰি চাইনুদ্দিনৰ এই সফলতাত শুভেচ্ছা জনাবলৈ ছাত্ৰগৰাকীৰ বাসগৃহত ভিৰ কৰিছেহি গাঁওবাসীয়ে ৷