অসম

assam

ETV Bharat / state

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰিটেজ ফাউণ্ডেশ্যনৰ সৌজন্যত কেৱল মহিলাৰ দ্বাৰা পৰিবেশিত 'হনুমান সাগৰ বান্ধা চাঁউ' নাট মঞ্চস্থ (Drama performance by women in Barpeta) ।

Drama performance by women in Barpeta
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

By

Published : Jun 17, 2022, 8:22 PM IST

বৰপেটা, 17 জুন :বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰমোদ দাসৰ সৰ্বভাৰতীয় পৰ্যায়ত সমাদৃত কালজয়ী নাট 'হনুমান সাগৰ বান্ধা চাঁউ' প্ৰদৰ্শন । বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰিটেজ ফাউণ্ডেশ্যনৰ(Heritage Foundation of Barpeta) সৌজন্যত মঞ্চস্থ কৰা হয় এই নাটখন(Drama performance in Barpeta District Library Auditorium) ।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

কেৱল মহিলাৰ দ্বাৰা পৰিবেশিত হয় নাটখন(Drama performance by women in Barpeta) । হনুমান সাগৰ বান্ধা চাঁউ নাটখনৰ যোগেদি নাৰী নিৰ্যাতন, নাৰী সৱলীকৰণৰ লগতে নাৰীক সমাজে প্ৰত্যক্ষ কৰি অহা বিভিন্ন দিশসমূহ সুন্দৰভাৱে উপস্থাপন কৰা হয় । ৯০ৰ দশকতে ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা কালজয়ী নাটখনে এক আলোড়ন আনিবলৈ সক্ষম হৈছিল ।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

প্ৰৱল বৃষ্টিপাতকো নেওচি নাটখন চাবলৈ বিপুল দৰ্শকেৰে ভৰি পৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ । উল্লেখযোগ্য যে, উক্ত নাট্যাভিনয় উপভোগ কৰিবলৈ প্ৰেক্ষাগৃহত উপস্থিত হয় বৰপেটাৰ সুযোগ্য সন্তান তথা টাৱাইনৰ ভাৰতীয় ৰাষ্ট্ৰদূত গৌৰাংগ লাল দাস । নাটকখনৰ শেষত ৰাষ্ট্ৰদূতগৰাকীয়ে ৰাইজৰ আগত মন্তব্য আগবঢ়ায় কয় যে,"সৰুতে দেখা নাটকখন পুনৰ মঞ্চস্থ হোৱা বাতৰি Social media যোগে জানিবলৈ পাৰি নিজে নাটকখন চাবলৈ আগ্ৰহেৰে আহিলো ।"

লগতে পঢ়ক :কলিয়াবৰত আয়োজিত শিশু ভাওনা

ABOUT THE AUTHOR

...view details