বৰপেটা, ১১ মে': কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই এতিয়া নিজেই অসুস্থ হৈ পৰিছে বহু চিকিৎসক আৰু অন্যান্য স্বাস্থ্য কৰ্মী । মৃত্যুমুখতো পৰিছে বহু স্বাস্থ্য কৰ্মী । সোমবাৰে নিশা বৰপেটাতো কালৰূপী কৰ'ণাৰ কবলত পৰি প্ৰাণ হেৰুৱালে বৰপেটা জিলাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ হিকমত আলী আহমেদে ।
কৰ'ণাত আক্ৰান্ত হৈ বৰপেটাৰ মুখ্য চিকিৎসা বিষয়াৰ মৃত্যু - COVID DEATH, BARPETA
ক'ভিড-১৯ মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানিলে বৰপেটা জিলাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ হিকমত আলী আহমেদে । সোমবাৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱ হৈছিল মুখ্য চিকিৎসা বিষয়াগৰাকীক ৷

শুকুৰবাৰৰ পৰা জ্বৰ, কাহ আৰু চৰ্দিৰ লক্ষণে দেখা দিছিল চিকিৎসকগৰাকীৰ দেহত । সোমবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰােৱা হৈছিল । তেওঁক আই চি ইউত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছিল যদিও হঠাতে দেহত অক্সিজেনৰ পৰিমাণ কমি যােৱাত চিকিৎসকগৰাকীৰ মৃত্যু হয় ।
চিকিৎসকগৰাকীৰ ঘৰ বৰপেটা চহৰৰ মুছলিমপট্টিত । তেওঁৰ মৃত্যুত এতিয়া বৰপেটাত শােকৰ ছাঁ পৰিছে ৷ মঙলবাৰে ক'ভিড বিধি অনুসৰি তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদৰ দেহাৱসান