বৰপেটা, ১১ মাৰ্চ: আকৌ আহিল দৌল মহোৎসৱ ৷ চলিত মাহৰ ১৬ তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হ’ব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি প্ৰতিবছৰে বৰপেটা সত্ৰত পালন কৰা এই মহোৎসৱ (Doul Festival preparation at Barpeta satra) ৷ দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি, ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা ৷
সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ ৰং-তুলিকাৰে সজাই পৰাই তোলা হৈছে বৰপেটা সত্ৰক ৷ আনকি সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ৷ দৌল মহোৎসৱকৈ লৈ এক প্ৰকাৰে ব্যস্ত হৈ পৰিছে বৰপেটাবাসী তথা বৰপেটা সত্ৰ সমিতি (Doul Festival of Barpeta) ৷