বৰপেটা, ৯ মাৰ্চঃমহামিলনৰ পীঠস্থান অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ সোমবাৰে দ্বিতীয় দিন ৷ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে বহ্নুৎসৱ আৰম্ভ হোৱাৰ পিছত সোমবাৰে আৰম্ভ হৈছে ভৰ দৌল ৷ দৌল উৎসৱ উপলক্ষে সত্ৰৰ ভকতসকলে নিত্য নৈমিত্যিক প্ৰসংগত ভাগ লয় ৷ দৌল মহোৎসৱৰ ৰীতি পৰম্পৰা অনুসৰি ইয়াৰ পিচতেই সত্ৰৰ যোগমোহন গৃহত প্ৰসংগ অনুষ্ঠিত হয় ৷ তাৰপিচত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজাই ভোজন বেহাৰ, ঘোষাকীৰ্তন, ওজাপালি আদি অনুষ্ঠিত কৰে ৷
মথুৰাপুৰী বৰপেটা সত্ৰত দৌল মহোৎসৱ - বৰপেটা সত্ৰ
মথুৰাপুৰী বৰপেটা সত্ৰত দৌল মহোৎসৱৰ সোমবাৰে পালন কৰা হয় দ্বিতীয় দিন অৰ্থাৎ ভৰ দৌল ৷ দৌল উৎসৱ উপলক্ষে সত্ৰৰ ভকতসকলে ভাগ লয় নিত্য নৈমিত্যিক প্ৰসংগত ৷
যোগমোহন গৃহত সত্ৰৰ বুঢ়াসত্ৰীয়াই পাঠ পঢ়াৰ পিচত দৌল গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক যথাবিহিতভাৱে ফাকুগুৰি প্ৰদান কৰে ৷ বুঢ়াসত্ৰীয়াগৰাকীয়ে দৌল গৃহত আৰোহণ কৰি দোলাত থকা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই কপালেৰে দোলাত দোলন দি বৰপেটা সত্ৰ বাসী ৰাইজৰ লগতে সকলোৰে কুশল মংগল কামনাৰে শ্ৰীকৃষ্ণ গোঁসাইৰ ওচৰত সেৱা জনায় ৷ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি বুঢ়াসত্ৰীয়াই দৌলত গোঁসাইক ফাকু গুৰি প্ৰদান নকৰালৈকে ভক্তসকলে ফাকু স্পৰ্শ নকৰে ৷ বুঢ়াসত্ৰীয়াই গোঁসাইক ফাকু প্ৰদানৰ পিচতহে ভক্তসকলক পূজাৰীয়ে ফাকুৰে ফোট দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷