বৰপেটা, 14 মাৰ্চ :ক'ৰণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে অসমৰ চিকিৎসক দম্পতীৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এটি চিকিৎসক দম্পতী চৌদি আৰৱ ভ্ৰমণ কৰিছিল ৷ বিদেশ ভ্ৰমণ সামৰি যোৱা 9 মাৰ্চত চিকিৎসক দম্পতী বৰপেটাত উপস্থিত হয় আৰু 11 মাৰ্চত কৰ্তব্যত যোগদান কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসক দম্পতীয়ে তেওঁলোকৰ বিদেশ ভ্ৰমণ সম্পৰ্কীয় কোনো তথ্য স্বাস্থ্য বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষ আৰু হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰা নাছিল ৷ ৰহস্যজনক কাৰণত বিদেশ ভ্ৰমণৰ সকলো তথ্য গোপন কৰি ৰাখিছিল যদিও কোনো লোকে জানিব পৰাত হাস্পতাল কৰ্তৃপক্ষৰ মাজত হাহাকাৰ সৃষ্টি হয় ৷
ক'ৰণাভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাৰ অংশস্বৰূপে শেহতীয়াভাৱে বিদেশৰ পৰা অহা লোকক 14 দিন পৰ্যন্ত অন্যান্য লোকৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া নহয় আৰু ভ্ৰমণ কৰি স্বদেশত পদাৰ্পণ কৰাৰ পাচতেই প্ৰতিজন ভাৰতীয়ই নিজৰ ভ্ৰমণ ইতিবৃত্ত সংশ্লিষ্ট চৰকাৰী বিভাগক অৱগত কৰোৱাটো শেহতীয়াভাৱে বাধ্যমূলক কৰা হৈছিল ৷ এই সকলো নীতি-নিয়ম পোনপটীয়াকৈ উলংঘা কৰি চিকিৎসক দম্পতীয়ে কৰ্তব্যত যোগদান কৰি স্বাস্থ্য বিভাগৰ প্ৰতি একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছিল ৷ সেয়ে কৰ'ণাভাইৰাছৰ বাবে লোৱা তাৎক্ষণিক ব্যৱস্থা অনুসৰি দুয়োগৰাকী চিকিৎসকক কৰ্তব্য সম্পাদনৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে 14 দিন পৰ্যন্ত ঘৰৰ বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷