অসম

assam

ETV Bharat / state

চিকিৎসাকৰ্মীক প্ৰহাৰ কৰাৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ - জনীয়া

চিকিৎসকক প্ৰহাৰ (doctor attack incident) কৰাৰ বিৰুদ্ধে শুকুৰাবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলে চিকিৎসালয় চৌহদত কলা বেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

Doctors & Nurse Protest Against doctor attack incident At Kalgasia,barpeta district
চিকিৎসাকৰ্মীক প্ৰহাৰ কৰাৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ

By

Published : Jun 18, 2021, 10:26 PM IST

জনীয়া,18 জুলাই: কৰ'ণাৰ এই ভয়াবহতাৰ সময়ত নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি মানৱ সেৱাত নিয়োজিত হৈ নিজৰ দ্বায়িত্ব পালন কৰি আছে চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলে। তেনেক্ষেত্ৰত কিছুদিন পূৰ্বে এজন ক'ভিড ৰোগীৰ মৃত্যুক লৈ নগাঁৱত চিকিৎসা সেৱাত নিয়োজিত চিকিৎসক, চিকিৎসাকৰ্মী আৰু অন্যান্য কৰ্মচাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ (doctor attack incident) কৰিছিল একাংশ দুৰ্বৃত্তই। তাৰোপৰি বিভিন্ন প্ৰান্তত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক প্ৰহাৰ কৰাৰ ঘটনাসমূহৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চিকিৎসক সন্থাৰ সদস্য সকলে ।

সমান্তৰালকৈ বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয় (BARPETA CIVIL HOSPITAL) চৌহদতো উক্ত ঘটনাৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চিকিৎসক সন্থাৰ সদস্য সকলে। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাসমূহৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে।

চিকিৎসাকৰ্মীক প্ৰহাৰ কৰাৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, হোজাই জিলাৰ লংকাৰ ফুলতলী মডেল হাস্পতাল (MODEL HOSPITAL)ৰ ক'ভিড কেয়াৰ চেণ্টাৰত এজন ক'ভিড ৰোগীৰ মৃত্যক লৈ ক'ভিড কেয়াৰ চেণ্টাৰটোত নিয়োজিত হৈ থকা চিকিৎসক ডাঃ সেউজ সেনাপতিক এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰে (doctor attack incident) । এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ডাঃ সেউজ সেনাপতিক উন্নত চিকিৎস‍াৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সমগ্ৰ দেশজুৰি এই ঘটনাৰ প্ৰতিবাদ হৈছে ।উল্লেখ্য যে, অপৰাধী হেলাল উদ্দিনে উদালি কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল । হেলাল উদ্দিনৰ উচতনিত সংঘটিত হৈছিল চিকিৎসক নিগ্ৰহ কাণ্ড । ইতিমধ্যে উদালি কাণ্ডত জড়িত থকাৰ অভিযোগত আটক হৈছে 29 জন অভিযুক্ত ৷

সমান্তৰালকৈ লংকাৰ উদালীৰ চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ চিকিৎসকক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ খাৰুপেটিয়াত । চিকিৎসা প্ৰদান কৰাত সামান্য পলম হোৱাৰ বাবে শাৰীৰিকভাৱে অপদস্থ হ'ল পত্নীসহ চিকিৎসক । এই অভিযোগ উত্থাপিত হৈছে দৰং জিলা যুৱ কংগ্ৰেছৰ এগৰাকী যুৱনেতাৰ বিৰুদ্ধে ।

অভিযোগ মতে, খাৰুপেটিয়াৰ নিমতলীস্থিত "আফ্ৰিন হেল্থ কেয়াৰ চেণ্টাৰত" (AFRIN HELTH CARE CENTER) ৰোগী চাই থকা অৱস্থাত জিলা যুৱ কংগ্ৰেছৰ নেতা ৰাহুল আমিনৰ লগতে এগৰাকী যুৱতী চিকিৎসাৰ বাবে উপস্থিত হয় ৷ চিকিৎসক গৰাকীয়ে ৰোগী চাই থকাৰ বাবে দুয়োকে অলপ অপেক্ষা কৰিবলৈ কয় । চিকিৎসা প্ৰদানত অলপ পলম হোৱাৰ বাবে চিকিৎসকগৰাকীক যুৱ কংগ্ৰেছী ৰাহুল আমিনে অশ্লীল গালি-গালাজ পৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে ৷

তাৰোপৰি, কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পতালত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ আন এক ঘটনা ৷ উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন অভিযুক্তক আটক কৰিছে ৷

লগতে পঢ়ক-আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details