বৰপেটা, ২২ ডিচেম্বৰ :বৰপেটাৰোডত শিশুৰোগ বিশেষজ্ঞৰ ভয়ংকৰ কাণ্ড ৷ এটি ৫ বছৰীয়া শিশুৰ দেহত প্ৰয়োগ কৰিলে প্ৰায় ৯ মাহ পূৰ্বেই ম্যাদ উকলি যোৱা ভেকচিন ৷ এই সন্দৰ্ভত শিশুটিৰ অভিভাৱককে প্ৰশ্ন কৰাত ওলোটাই শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাই ধমকি দিয়ে ৷ এই অভিযোগ অসুস্থ শিশুটিৰ অভিভাৱকৰ ৷
শিশুটিৰ অভিভাৱকে জানিবলৈ দিয়া মতে, যোৱা ১১ ডিচেম্বৰত তেওঁৰ ৫ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তানটিৰ কাঁহ আৰু চৰ্দি হৈ থকাৰ বাবে বৰপেটাৰোডৰ আমতলত থকা নিউ সঞ্জীৱনী মেডিকেল ফাৰ্মাচিখনত থকা শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাৰ কাষ চাপে । দুপৰীয়া প্ৰায় ২:৩০ বজাত নিউ সঞ্জীৱনী মেডিকেল নামৰ ফাৰ্মাচীখনত শিশুৰোগ বিশেষজ্ঞ ডাঃ মিহিৰ কুমাৰ ভূঞাক শিশুটিক দেখুওবাৰ পিচত চিকিৎসকগৰাকীয়ে শিশুটোক কেতবোৰ প্ৰয়োজনীয় দৰব খোৱাৰ পৰামৰ্শ দিয়ে ৷
তাৰ পাচত পৰিয়ালৰ সন্মতি সাপেক্ষে শিশুটিক ৫ বছৰ বয়সত ল’ব লগা পেন্টাক্সিম (PENTAXIM) আৰু টাইথিবেভ (TYTHIBEV) নামৰ দুটাকৈ ভেকচিন দিয়ে চিকিৎসক ভূঞাই । ভেকচিন দুটা দিয়া পূৰ্বে অভিভাৱকে দৰব দুটাৰ ম্যাদ আছে নে নাই প্ৰশ্ন কৰে ৷ কিন্তু ডাঃ মিহিৰ কুমাৰ ভূঞাই ২০২৫ চনলৈকে ইয়াৰ ম্যাদ থকা বুলি উল্লেখ কৰে শিশুটিৰ অভিভাৱকক ৷