বৰপেটা, ৪ চেপ্তেম্বৰঃ ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা ৷ টিয়ক কাণ্ডৰ প্ৰতিবাদৰ মাজতে বৰপেটাৰ হাউলীত পুনৰ চিকিৎসক আক্ৰমন । মংগলবাৰে বৰপেটা-হাউলী পথৰ আমতলত মটৰ চাইকেল আৰু স্কুটীৰ মাজত সংঘটিত হৈছিল এটা দূৰ্ঘটনা ৷ মটৰ চাইকেল আৰোহী এহাল যুৱক-যুৱতীয়ে স্কুটী আৰোহী এজন বয়োজ্যেষ্ঠ ব্যক্তিক খুন্দা মৰাৰ ফলতে সংঘটিত হৈছিল দূৰ্ঘটনাটো ৷ তাৰপিচতে দূৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত তিনিওজন লোককে হাউলী ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ প্ৰাথমিক চিকিৎসাৰ পিচত বয়োজ্যেষ্ঠ ব্যক্তিজনৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে চিকিৎসা আৰম্ভ কৰে ৷ কিন্তু এই কথাতে উত্তেজিত হৈ ভুলুকাবাৰী পথাৰৰ মামুদ আলীৰ পুত্ৰ বাহাৰুল ইছলামে ডাঃ ৰাজেশ দাস নামৰ কৰ্তব্যৰত চিকিৎসকজনক অশালীন ব্যৱহাৰ কৰাৰ লগতে শাৰিৰীকভাৱেও আক্ৰমন কৰিবলৈ উদ্যত হয় ৷ আনকি ডাঃ ৰাজেশ দাসক বিভিন্নধৰনে ভয় ভাবুকি দিয়াতে ক্ষান্ত নাথাকি বাহাৰুল ইছলাম নামৰ যুৱকজনে ফোনযোগে তেঁওৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলক চিকিৎসালয়লৈ আহিবলৈ কয় ৷
ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহ - অত্যাচাৰ
অৱশ্যে হাউলী থানাৰ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহাৰুল ইছলাম আৰু তাহেৰ আলীক আটক কৰে আৰক্ষীয়ে ৷
ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহ
কিছুসময় পিছত যুৱকজনৰ জ্যেষ্ঠ ভাতৃ তাহেৰ আলী চিকিৎসালয়ত উপস্থিত হৈ কৰ্তব্যৰত চিকিৎসকজনক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৷ অৱশ্যে হাউলী থানাৰ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহাৰুল ইছলাম আৰু তাহেৰ আলীক আটক কৰে আৰক্ষীয়ে ৷ এই ঘটনাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ আনহাতে এই ঘটনাৰ বিৰুদ্ধে আজি হাউলী থানাত এক গোচৰ ৰুজু কৰিব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷