বৰপেটা,১ জুলাই:৪০ টা বৰ্ষ অতিক্ৰম বৰপেটা জিলাই । আজিৰ দিনটোতে ৪০ বছৰ পূৰ্বে গঠন হৈছিল বৰপেটা জিলা । ১৯৮৩ চনৰ পহিলা জুলাইৰ এই দিনটোত জিলা হোৱাৰ পূৰ্বে বৰপেটা আছিল সেই সময়ৰ কামৰূপ জিলাৰ মহকুমা । যোৱা বৰ্ষৰ পৰা ৰাজ্যৰ জিলাসমূহৰ প্ৰতিষ্ঠা দিৱস বিশেষভাৱে পালনৰ উদ্যোগ গ্ৰহণ কৰা হয় ।
২০২২ বৰ্ষত প্ৰলয়ংকৰী বানৰ ফলত বৰপেটা জিলা দিৱস বিশেষভাৱে পালন কৰা নহ'ল । এইবাৰো নিৰ্দ্দিষ্ট কাৰ্যসূচীৰেহে দিৱসটো পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে । ইয়াৰে অংশ হিচাপে প্ৰতিষ্ঠা দিৱস উপলক্ষে ১ জুলাই অৰ্থাৎ আজিৰ দিনটোত জিলা প্ৰশাসনে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শৰাই আগবঢ়াই সেৱা লয় । জিলা প্ৰশাসনৰ অধিকাংশ বিষয়াই এই কাৰ্যসূচীত উপস্থিত থাকে ।
বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্তই কয় যে এইবাৰো বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখই সংকুচিত ৰূপতহে জিলা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা দিৱস পালনৰ কাৰ্যসূচী উদ্বোধন কৰে । শনিবাৰে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটাৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।