অসম

assam

ETV Bharat / state

কলগাছিয়াৰ 10 জন ব্যক্তিৰ কভিড-19 পৰীক্ষাৰ ফলাফল নিগেটিভ - পুনৰ 14 দিনৰ বাবে হোম কোৱাৰেন্টাইন

কলগাছিয়াৰ 10 জন ব্যক্তিক মংগলবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে ৷ চাৰিবাৰকৈ কৰা পৰীক্ষাৰ অন্তত ফলাফল নিগেটিভ অহাৰ পিছত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে চিকিৎসালয় কতৃপক্ষই ৷

Discharged ten quraintine patient in barpeta
কলগাছিয়াৰ 10 জন ব্যক্তিৰ কভিড-19 নিগেটিভ

By

Published : May 5, 2020, 4:04 PM IST

জনীয়া, 5 মে' :মংগলবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ত কোৱাৰেন্টাইন হৈ থকা 10 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছ নিগেটিভ পোৱাৰ পিছতে ঘৰলৈ যাবলৈ দিয়া হয় ব্যক্তি কেইগৰাকীক ৷

13 এপ্ৰিলৰ পৰা কোৱাৰেন্টাইন হৈ থকা কলগাছিয়াৰ লোক কেইজনক সম্পূৰ্ণ 22 দিনৰ অন্তত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে চিকিৎসালয় কতৃপক্ষই ৷

অৱশ্যে ঘৰলৈ গৈ তেওঁলোকক পুনৰ 14 দিনৰ বাবে হোম কোৱাৰেন্টাইন হ'বলৈ উপদেশ দিয়ে চিকিৎসালয় খনৰ অধীক্ষক চামচুল আলমে ৷

কলগাছিয়াৰ 10 জন ব্যক্তিৰ কভিড-19 নিগেটিভ

উল্লেখযোগ্য যে, গুৱাহাটীৰ আঠগাঁৱৰ জামে মছজিদত কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁলোকক বৰপেটা অসামৰিক চিকিৎসালয়ত কোৱাৰেন্টাইনত ৰখা হৈছিল ৷

লগতে পঢ়ক : আমগুৰিৰ মিটং নদীত উটি আহিল অৰ্ধশতাধিক মৃত গাহৰি

ABOUT THE AUTHOR

...view details