জনীয়া, 16 ছেপ্তেম্বৰ:কলগাছিয়াৰ কাউৰজাহীবাসীক দীৰ্ঘদিন ধৰি জ্বলাকলা খুৱাইছে এটা জৰাজীৰ্ণ পথে ৷ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱৰ একমাত্ৰ গড়কাপ্তানি পথটো বানত বিধ্বস্ত হোৱাৰ পাচৰে পৰাই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহছে স্থানীয় লোকে ৷ 102, 108 ৰ দৰে জৰুৰীকালীন সেৱাৰ বাহন সোমোৱাৰ ক্ষেত্ৰতো পথটোৱে প্ৰদান কৰি আহিছে বাধা ৷ যাৰ ফলত বহু সময়ত টান নৰিয়াত পৰা ৰোগীক চিকিৎসালয়লৈ নিয়াতো ব্যৰ্থ হৈছে ৰাইজ ৷
জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত
এটা জৰাজীৰ্ণ পথে ব্য়াহত কৰিছে কলগাছিয়াৰ কাউৰজাহী, কাচুকাটি, মোৱামাৰী, লাচাংগা, বলাইপাথাৰ আদি গাঁৱৰ প্ৰায় দহ হাজাৰ লোকৰ যাতায়াত ৷ সংবাদ মাধ্যমযোগে জনপ্ৰতিনিধিৰ বিৰুদ্ধ ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷
ইমানৰ পাচতো কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই হওক কিম্বা জন প্ৰতিনিধিয়েই হওক, কোনো লোকেই স্থানীয় ৰাইজৰ দুৰ্দশাৰ খবৰ ল'বলৈ নহাৰ অভিযোগ উত্থাপন হৈছে ৷ কাউৰজাহী, কাচুকাটি, মোৱামাৰী, লাচাংগা, বলাইপাথাৰ আদি গাঁৱৰ প্ৰায় দহ হাজাৰ ৰাইজে দৈনিক যাতায়াত কৰা পথটোৰ দুৰৱস্থাই ক্ষোভিত কৰিছে সাধাৰণ জনতাক ৷ তেনে ক্ষেত্ৰত জন প্ৰতিনিধি থকাতকৈ নথকাই ভাল বুলি সংবাদ মাধ্যমযোগে ক্ষোভ উজাৰে স্থানীয় লোকে ৷ তেওঁলোকৰ দাবী, অতি শীঘ্ৰেই যাতে তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ পথটো চৰকাৰে মেৰামতি কৰি দিয়ে ৷ অন্যথা দুৰ্বিষহ হৈ পৰিছে তেওঁলোকৰ দৈনন্দিন জীৱন ৷
লগতে পঢ়ক:গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ট্ৰাক পাৰ্কিং উচ্ছেদ