অসম

assam

By

Published : Jun 9, 2020, 3:39 PM IST

ETV Bharat / state

হাইস্কুল শিক্ষান্তত হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ সৰভোগৰ দীক্ষিতা দাসৰ

হিন্দী বিষয়ত 98 নম্বৰ লাভ কৰিছে সৰভোগৰ দীক্ষিতা দাসে ৷ ঘোষিত ফলাফল অনুসৰি ৮৯% নম্বৰ প্ৰাপ্তিৰে আটাইকেইটা বিষয়তে লেটাৰসহ ডিষ্টিংচন নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছাত্ৰী গৰাকী ৷

v
হাইস্কুল শিক্ষান্তত হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে সৰভোগৰ দীক্ষিতা দাসে

বৰপেটা, ৯ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰনগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দীক্ষিতা দাসে ৰাজ্যৰ ভিতৰতে হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি সৰভোগলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ছাত্ৰীগৰাকীয়ে হিন্দী বিষয়ত সৰ্বোচ্চ ৯৮ নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

হাইস্কুল শিক্ষান্তত হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে সৰভোগৰ দীক্ষিতা দাসে
ঘোষিত ফলাফল অনুসৰি ৮৯% নম্বৰ প্ৰাপ্তিৰে আটাইকেইটা বিষয়তে লেটাৰসহ ডিষ্টিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ দক্ষিণ গণকগাড়ী গাঁৱৰ লগতে সমগ্ৰ সৰভোগলৈ গৌৰৱ কঢ়িয়াইছে । উল্লেখ্য যে, বৰনগৰ অঞ্চলৰ এগৰাকী প্ৰাক্তন সংবাদকৰ্মী,তথা বৰ্তমান উত্তৰ গণকগাড়ী গাঁৱৰ গাওঁবুঢ়া হিচাপে কৰ্মৰত ধ্ৰুৱজ্যোতি দাসৰ কন্যাৰ এই সাফল্যত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details