অসম

assam

ETV Bharat / state

ধুবুৰী আৰু বৰপেটাত বন বিভাগৰ যুটিয়া অভিযান - ধুবুৰী,বৰপেটাত বন বিভাগৰ যুটিয়া অভিযান

ধুবুৰীৰ বিলাসীপাৰা আৰু বৰপেটাৰ কলগাছিয়াত শুকুৰবাৰে বন বিভাগ আৰু আৰক্ষীৰ যুটিয়া অভিযান ৷

ধুবুৰী,বৰপেটাত বন বিভাগৰ যুটিয়া অভিযান

By

Published : Oct 4, 2019, 11:02 PM IST

ধুবুৰী, বৰপেটা 4 অক্টোবৰঃ ধুবুৰীৰ বিলাসীপাৰা আৰু বৰপেটাৰ কলগাছিয়াত শুক্ৰবাৰে বন বিভাগ আৰু আৰক্ষীৰ যুটিয়া অভিযান ৷ বিলাসীপাৰাৰ বামুনপাৰাত গোপন সুত্ৰৰ ভিত্তিত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ পিভিচি পাইপসহ জব্দ কৰে এটা বালি খনন কৰা যন্ত্ৰ ৷ গৌৰাং নৈত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি খননৰ ৰমৰমীয়া বেহা উৎখাত কৰে বন বিভাগে | ঘটনাস্থলীৰ পৰা পলায়ন কৰে বালি মাফিয়াজনে ৷

ধুবুৰী,বৰপেটাত বন বিভাগৰ যুটিয়া অভিযান

ইফালে, কলগাছিয়াৰ জাৱৰীমাৰীত বন বিভাগ আৰু এছ.এছ.বি জোৱানৰ এক যুটীয়া অভিযানত গাঁও খনৰ পৰা তিনিটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰে ৷ বৰপেটা ৰোড বন আঞ্চলিক বিষয়া জয়ন্ত কুমাৰ দাসৰ নিৰ্দেশত আৰু ৰঙিয়া ডিভিজনৰ বন বিষয়াৰ নেতৃত্বত হাউলীৰ এছ.এছ.বি জোৱানৰ দল এটাই অভিযান চলাই তিনিটা পাৱাৰ পাম্প, তিনিটা কাঠফলা মেচিনসহ 10 লক্ষাধিক টকাৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযানৰ উমান পাই অবৈধ কাঠফলা মিলৰ মালিক আৰু আন আন কৰ্মচাৰী সকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ বনবিভাগৰ এই অভিযান অনাগত দিনতো চলি থাকিব বুলি বন বিভাগৰ লোকে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷

ধুবুৰী,বৰপেটাত বন বিভাগৰ যুটিয়া অভিযান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details