বৰপেটা,১৯ ফেব্ৰুৱাৰী :অসমত মাদ্ৰাছা শিক্ষানুষ্ঠান বন্ধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত চেষ্টা চলোৱা দেখা গৈছে । মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত কঠোৰ হোৱাও দেখা গৈছে । কিন্তু ইয়াৰ মাজতো বৰপেটা জিলাৰসৰুক্ষেত্ৰী সমষ্টিৰ বাইছা নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ৰাজ্যত ইছলামিক শিক্ষা বিস্তাৰৰ প্ৰয়াস চলিছে ৷ ইছলামিক শিক্ষা প্ৰসাৰৰ লগতে বিশাল মছজিদ স্থাপনেৰে বাইছা গাঁওখন ইছলামিক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস ইছলামিক বিশ্ববিদ্যালয়ৰ ৷
বাইছা নামৰ ভিতৰুৱা গাঁওখনত কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ (Darul Huda Islamic University) অসম কেম্পাছ স্থাপন কৰি মাদ্ৰাছা শিক্ষাৰ লগতে সাধাৰণ শিক্ষা বিস্তাৰৰো প্ৰয়াস চলোৱা হৈছে ৷ ২০১৩ চনতে স্থাপন কৰা কেৰালাৰ দাৰুল হুদা ইছলামিক বিশ্ববিদ্যালয়ৰ অসম কেম্পাছত প্ৰায় তিনি শতাধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ৷ চিবিএছইৰ (CBSE) অধীনত সম্পূৰ্ণ ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ শিক্ষাদান কৰা হয় ৷