অসম

assam

By

Published : Jul 19, 2021, 6:45 PM IST

Updated : Jul 19, 2021, 7:41 PM IST

ETV Bharat / state

গোহালি সদৃশ পৰিৱেশত জীৱন নিৰ্বাহ এটা দুৰ্ভগীয়া পৰিয়ালৰ

দৰিদ্ৰতাই কোঙা কৰা বজালীৰ এটা দুৰ্ভগীয়া পৰিয়াল ৷ চাৰিটা বাঁহৰ খুটা আৰু এখন টিঙৰ চালিৰ তলত দুৰ্বিসহ জীৱন যাপন পৰিয়ালটোৰ ৷ বজালী জিলাৰ ৰিহাবাৰী গাঁৱৰ শৰৎ দাসৰ একমাত্ৰ জীয়ৰী সোণালী দাসৰ সোণালী সপোনবোৰ আধৰুৱা হৈ থমকি ৰৈছে । চৰকাৰৰ কোনো এখন উন্নয়নমূলক আঁচনিয়ে আজিও ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ চাওঁক এই প্ৰতিবেদন...

poor family
বজালী জিলাৰ ৰিহাবাৰীত গোহালি সদৃশ পৰিবেশৰ মাজত এটা পৰিয়াল

পাঠশালা, 19 জুলাই :দুখে কুলাই-পাচিয়ে নধৰা এটা পৰিয়াল ৷ ঘৰ বুলিবলৈ চাৰিটা বাঁহৰ খুটা আৰু এখন টিঙৰ চালি ৷ শৰৎ দাসৰ একমাত্ৰ জীয়ৰী সোণালী দাসৰ সোণালী সপোনবোৰ আধৰুৱা হৈ থমকি ৰৈছে এই টিনৰ চালিখনৰ তলত ৷ বৃদ্ধ মাতৃৰ লগতে অসুস্থ পিতৃ আৰু ভাতৃৰ দায়িত্ব ল’ব লগা হৈছে সোণালী দাসে ৷

চৰকাৰৰ কোনো এখন উন্নয়নমূলক আঁচনিয়ে আজিও ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত দক্ষিণ ৰিহাবাৰী গাঁৱৰ সোণালী দাসে এটি আচাৰ কোম্পানীত কাম কৰি বৃদ্ধ মাতৃৰ লগতে অসুস্থ পিতৃ আৰু মানসিকভাৱে দুৰ্বল ভাতৃক পোহপাল দি আছিল ৷ কিন্তু কাল কৰ’ণাৰ বাবে বন্ধ হৈ পৰিল জীৱন-জীৱিকা । উপায়ন্তৰ হৈ লোকৰ ঘৰত কাম কৰি, ভূঁই ৰুই পৰিয়ালটোক দুবেলা দুমুঠি যোগাৰ কৰি দিছে জীয়ৰী সোণালীয়ে ।

গোহালি সদৃশ পৰিৱেশত জীৱন নিৰ্বাহ এটা দুৰ্ভগীয়া পৰিয়ালৰ

পৰিয়ালটোৱে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত এটা চৰকাৰী ইন্দিৰা গান্ধী আৱাসগৃহ লাভ কৰিছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল ঘৰটোৰ নিৰ্মাণকাৰ্য । কোনো ধৰণৰ চৰকাৰী, উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । এসাঁজ খাই এসাঁজ লঘোণে জীৱন নিৰ্বাহ কৰিবলগা হৈছে ভুক্তভোগী পৰিয়ালটোৱে ।

বছৰ বছৰ ধৰি আবেদন-নিবেদন কৰিও চৰকাৰৰ অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাসগৃহৰ লগতে ঘৰে ঘৰে বৈদ্যুতিক সংযোগৰ কোনো এখন আঁচনিয়ে আজিলৈকে লাভ নকৰিলে পৰিয়ালটোৱে । বিকশিত অসমৰ শ্ল’গান আওৰাই থকা দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা চৰকাৰ প্ৰশাসনৰ এইসকল অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰতি দৃষ্টি পৰিবনে ? নে টিভি-পেপাৰৰ ডাঙৰ ডাঙৰ বিজ্ঞাপনতে আৱদ্ধ থাকিব আঁচনিসমূহৰ পৰিসৰ ? সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:মণিকূটৰ ভিতৰত নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী

Last Updated : Jul 19, 2021, 7:41 PM IST

ABOUT THE AUTHOR

...view details