বৰপেটা,১১ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্যেৰে কংগ্ৰেছে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত অনুষ্ঠিত কংগ্ৰেছৰ বুথ সন্মিলনত জনতাৰ ব্যাপক ভিৰ ।
কয়াকুছিত বিশাল সভাত পৰিণত হ'ল কংগ্ৰেছৰ বুথ সন্মিলন নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং,ৰিপুণ বৰাসহ কেইবাগৰাকীও শীৰ্ষ নেতা সন্মিলনখনত অংশ লোৱাৰ পূৰ্বেই প্ৰায় ২০ হাজাৰ লোকে ভিৰ কৰে সভাত । বিশাল সভাত পৰিণত হ'ল কংগ্ৰেছৰ বুথ সন্মিলন ।
কয়াকুছিত বিশাল সভাত পৰিণত হ'ল কংগ্ৰেছৰ বুথ সন্মিলন বৰপেটাৰ সাংসদ আব্দুল খালেক,সাংসদ গৌৰৱ গগৈ,বিধায়ক ৰকিবুল হুছেইন,শুকুৰ আলী,অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস,ৰেকিবুদ্দিন আহমেদ,ৰশিদ আলম চৌধুৰীৰ লগতে বিভিন্ন নেতা আজিৰ সন্মিলনত উপস্থিত থাকে ৷
কয়াকুছিত বিশাল সভাত পৰিণত হ'ল কংগ্ৰেছৰ বুথ সন্মিলন সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আঁত ধৰা বুথ সন্মিলনত ৰাইজৰ সঁহাৰিয়ে আশা কঢ়িয়াই আনিছে দলটোলৈ । সভাত কংগ্ৰেছ নেতাসকলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ পূৰ্বৰে পৰা সভাত ৰাইজৰ অভাৱনীয় ভিৰ হ'ব বুলি নিশ্চিত আছিল কংগ্ৰেছ কৰ্মীসকল । সেয়ে,বিশাল বুথ সন্মিলনখনত চকীৰ ব্যৱস্থা কৰাৰ লগতে বৃহৎ গেলেৰীৰ ব্যৱস্থা কৰা হৈছিল ।
লগতে পঢ়ক:নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক উত্তম-মধ্যম শোধালে ৰাইজে