অসম

assam

ETV Bharat / state

প্ৰাথমিক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

২৫ বছৰে বিনাবেতনে শিক্ষকতা (Teaching without salary in primary school)কৰা প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী। দাবী মানি নল'লে দিছপুৰত আন্দোলনত নামিব বুলি সকীয়নি বঞ্চিত শিক্ষয়িত্ৰীৰ।

By

Published : Aug 31, 2022, 4:21 PM IST

Pre primary teacher press meet in Barpeta
প্ৰাথমিক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

বৰপেটা, ৩১ আগষ্ট:ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ১৯৯৭ চনত বিদ্যালয় পৰিচালনা সমিতিসমুহে প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে মেধাৰ ভিত্তিত শিক্ষয়িত্ৰী নিয়োগ কৰিছিল ৷ ১৯৯৭ চনৰ পৰাই বিগত ২৫ বছৰে বিনাবেতনে শিক্ষকতা(Teaching without salary in primary school)কৰি অহা এই শিক্ষয়িত্ৰী সকলক দৰমহাৰ নামত ৰাজ্যৰ শিক্ষা বিভাগে ফুটাকড়ি এটাও আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত শিক্ষয়ত্ৰীসকলে ।

প্ৰাথমিক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

যোৱা মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে(Pre primary teacher press meet in Barpeta)চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে কয় যে এই তেওঁলোকক দৰমহা দিয়াতো দূৰৈৰে কথা এতিয়া কামৰ পৰাই অব্য়াহতি দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে ৷ বিশেষকৈ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ দায়িত্ব অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ( Duty imposed on Anganwadi Worker)হাতত গতাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহন কৰা সিদ্ধান্তৰ ফলত বিগত ২৫ বছৰে বিনাবেতনে কাম কৰি থকা শিক্ষয়ত্ৰীসকলৰ মুৰৰ ওপৰত ভাগি পৰিছে সৰগ ৷

এই বঞ্চিত শিক্ষয়ত্ৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে ৷ আনকি সংবাদমেলত ২০১১ চনত তদানীন্তন শিক্ষামন্ত্ৰী ড৹হিমন্তবিশ্ব শৰ্মাই(Dr Himanta Biswa Sarma)শিক্ষয়ত্ৰীসকলক দৰমহা প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহনৰ আশ্বাস দি এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহি চাকৰিৰ পৰাই অব্য়াহতি দিয়াৰ ব্যৱস্থা কৰিছে বুলি ক্ষোভ উজাৰে ৷

প্ৰাক-প্ৰাথমিক শিক্ষয়ত্ৰীসকলৰ চাকৰি নিয়মীয়া কৰি দৰমহা প্ৰদানৰ দাবী জনাই সংবাদমেল সম্বোধন কৰা শিক্ষয়ত্ৰীসকলে তেওঁলোকৰ দাবী মানি নল'লে দিছপুৰত আন্দোলনত নামিব বুলিও সকিয়াই দিয়ে ।

লগতে পঢ়ক:দিব্যাংগসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ নিশ্চিতি প্ৰদান পীযুষ হাজৰিকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details