অসম

assam

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:07 PM IST

ETV Bharat / state

ULFA I killed cadre: ‘মোৰ ল’ৰাক হত্যা কৰা হৈছে নে নাই ?’ পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে পিতৃয়ে

“পৰেশ বৰুৱাই নিজৰ ল’ৰাক বিদেশত পঢ়ুৱাইছে, সৰু সৰু ল’ৰাক নি হত্যা কৰিছে ... মোৰ ল’ৰাৰ মৃত্যুক লৈ আমাক উত্তৰ দিয়ক ৷”—আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ওপৰত খৰ্গহস্ত মৃত আলফাৰ মৃত সদস্য বিভাকৰৰ পিতৃ ৷

ULFA I killed cadre
‘মোৰ ল’ৰাক হত্যা কৰা হৈছে নে নাই ?’ পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে পিতৃয়ে

‘মোৰ ল’ৰাক হত্যা কৰা হৈছে নে নাই ?’ পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে পিতৃয়ে

পাঠশালা, ৩০ অক্টোবৰ :আলফাৰ ম্যানমাৰৰ শিবিৰত মৃত্যু ঘটা পাঠশালাৰ বিভাকৰ কলিতাৰ মৃত্যুক লৈ আলফা আৰু আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মৃত বিভাকৰৰ পিতৃ ৷ আলফাৰ শিবিৰত ২০২২ চনতেই হত্যা কৰা হৈছিল বিভাকৰ কলিতাক ৷ শেহতীয়াভাৱে বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাই পুত্ৰ মৃত্যু প্ৰসংগ, আলফাৰ শেহতীয়া স্থিতিৰ লগতে পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

২০২২ চনৰ মাৰ্চ মাহত আলফাত যোগদান কৰি ম্যানমাৰৰ শিবিৰলৈ যোৱা বিভাকৰৰ পিতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য দিয়ে যে, বিভাকৰক কোনোধৰণৰ মৃত্যদণ্ডৰ শাস্তি দিয়া হোৱা নাছিল ৷ শিবিৰৰ পৰা পলাই আহোঁতে ধৰা পৰাৰ পিচত আলফাই নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি হত্যা কৰে বিভাকৰ কলিতাৰ লগতে অন্য এগৰাকী আলফা সদস্যক ৷

আলফাৰ শিবিৰৰ পৰা পলাই অৰুণাচল আৰক্ষীৰ হাতত ধৰা পৰি চাৰি মাহ জেলত থাকি অহা আলফা সদস্যই সতীৰ্থৰ মৃত্যুৰ কথা বিভাকৰ কলিতাৰ পিতৃৰ আগত পাঠশালাত ব্যক্ত কৰিছিল ৷ পিতৃগৰাকীৰ দাবী যে ম্যানমাৰৰ GMHQ শিবিৰত বিভাকৰ কলিতাক হত্যা কৰা হৈছিল ৷ শেহতীয়াভাৱে খাদ্য সংকটত ভুগি এজনৰ পিচত এজন আলফা সদস্য ম্যানমাৰৰ শিবিৰৰ পৰা পলাইছে বুলি ব্যক্ত কৰিছে বিভাকৰৰ পিতৃ পুৰুষোত্তম কলিতাই ৷ লগতে, ম্যানমাৰত কেৱল তিনিটা শিবিৰত বিভক্ত হৈ আলফাৰ ১৫০ৰ পৰা ২০০ জন সদস্যহে আছে বুলি মন্তব্য বিভাকৰৰ পিতৃৰ ৷

আলফা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি সমালোচনাত মুখৰ হৈ পুত্ৰৰ মৃত্যু প্ৰসংগত স্পষ্টীকৰণ বিচাৰে পিতৃগৰাকীয়ে, "পৰেশ বৰুৱাই নিজৰ ল’ৰাক বিদেশত পঢ়ুৱাইছে, সৰু সৰু ল’ৰাক নি নাম সলাই আলফাত যোগদান কৰাইছে আৰু হত্যা কৰিছে ... মোৰ ল’ৰাৰ মৃত্যুক লৈ আমাক উত্তৰ দিয়ক ৷"

আনহাতে সামজিক মাধ্যমত বিভাকৰৰ মৃত্যুৰ সৈতে জড়িত বিষয়ত অভিজিত গগৈ নামৰ এগৰাকীয়ে দিয়া এক স্পষ্টীকৰণে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক:ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ABOUT THE AUTHOR

...view details