বৰপেটাৰোড,13 মাৰ্চ: শনিবাৰে বাক্সাৰ শিমলাগুৰিত মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আঠিয়াবাৰী গাঁৱৰ পথাৰৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটো ড৹ মাধুৰ্য বৰা বুলি চিনাক্ত কৰা হৈছে ৷ সৰভোগৰ বৰনগৰ কলেজৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত আছিল ড৹ মাধুৰ্য বৰা ৷
উল্লেখযোগ্য যে, শিৱৰাত্ৰিৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছিল বৰা ৷ মৃতদেহটোত আঘাতৰ চিন নাই যদিও কাষত এচিড জাতীয় দ্ৰব্য উদ্ধাৰ হৈছে ৷ ড৹ মাধুৰ্য বৰাৰ ঘৰ লখিমপুৰৰ ঢেকীয়াজুলিৰ বিষ্ণুপুৰত বুলি জানিব পৰা গৈছে ৷ বিগত ২০১৯ চনৰ পৰা বৰপেটাৰোডৰ ভাৰাঘৰত থাকি সৰভোগৰ বৰনগৰ কলেজত ৰসায়ন বিজ্ঞান বিষয়ত সহযোগী অধ্যাপক হিচাপে নিয়োজিত হৈ আছিল মৃত বৰা ৷ ইপিনে ৩১ বছৰীয়া অবিবাহিত অধ্যাপকজনক কোনে কি কাৰণত নিৰ্মমভাৱে হত্যা কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷