বৰপেটা, ২ এপ্ৰিল: বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বেকী নদীত শুকুৰবাৰে উদ্ধাৰ হৈছে এটা অচিনাক্ত পুৰুষৰ মৃতদেহ ৷ স্থানীয় ৰাইজে উৱলি যোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি হাউলী আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত হাউলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেকী নদীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ।
বৰপেটাৰ হাউলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বেকী নদীত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ ৷ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটো ।
![বৰপেটাৰ হাউলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ deadbody-found-in-barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11254788-thumbnail-3x2-dead.jpg)
বৰপেটাৰ হাউলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে ৪/৫ দিন মান আগতে ব্যক্তি জনৰ মৃত্যু হৈছে আৰু দেহটো কিছু পৰিমাণে উৱলি গৈছে । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ