অসম

assam

ETV Bharat / state

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

বেকী দলঙৰ দুয়ো পাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী স্থানীয় ৰাইজৰ

By

Published : Mar 10, 2019, 2:01 PM IST

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

বৰপেটা,10 মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো কলগাছিয়াৰ শাওৰচৰা গাঁৱৰ মহম্মদ কুৰপান আলীৰ পুত্ৰ দৰবেশ আলী বুলি চিনাক্ত কৰা হৈছে ।

কলগাছিয়াৰ বেকী দলঙৰ ওচৰত উদ্ধাৰ মৃতদেহ

মৃতদেহৰ মুখমণ্ডলত আঘাতৰ চিন থকাৰ উপৰিও আৰক্ষী আৰু ৰাইজক বিভ্ৰান্ত কৰিবলৈ দুৰ্বৃত্তই দৰবেশ আলীক হত্যা কৰি দলঙৰ এটা মূৰত মৃতদেহ আৰু আনটো মূৰত মটৰ চাইকেল পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । উদ্ধাৰ হোৱা গ্লেমাৰ মটৰ চাইকেলখনৰ নম্বৰ AS01AV0482 বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে তদন্ত কৰি অতি সোণকালে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী উত্থাপন কৰাৰ লগতে বেকী দলঙৰ দুয়ো পাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details