অসম

assam

ETV Bharat / state

বৰপেটা ৰোডত এটি ৮ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ - প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ

বুধবাৰে দুপৰীয়া পিতৃৰ সৈতে একেলগে ভাত খাইছিল কন্যা নিকিতা সৰকাৰে ৷ তাৰ পাছৰে পৰাই নিকিতা সৰকাৰক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে ৷ বৃহস্পতিবাৰে সন্ধিয়া জাখলিৰপাৰৰে মোহন মাষ্টৰ নামৰ লোকজনৰ ঘৰৰ পালেঙৰ তলৰ পৰা উদ্ধাৰ হয় নিকিতা সৰকাৰৰ মৃতদেহ ৷

dead body recovery at barpetarode
বৰপেটাৰোডত ৮ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

By

Published : Nov 5, 2020, 10:19 PM IST

বৰপেটাৰোড ,5 অক্টোবৰঃ বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা ৰোডত এগৰাকী ৮ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো বৰপেটা ৰোডৰ সমীপৰ জাখলিৰপাৰৰ খগেন সৰকাৰৰ কন্যা নিকিতা সৰকাৰৰ বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখযোগ্য যে, বুধবাৰে দুপৰীয়া পিতৃৰ সৈতে একেলগে ভাত খাইছিল কন্যা নিকিতা সৰকাৰে ৷ তাৰপাছৰে পৰাই নিকিতা সৰকাৰক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে ৷ বৃহস্পতিবাৰে সন্ধিয়া জাখলিৰপাৰৰে মোহন মাষ্টৰ নামৰ লোকজনৰ ঘৰৰ পালেঙৰ তলৰ পৰা উদ্ধাৰ হয় নিকিতা সৰকাৰৰ মৃতদেহ ৷

আনহাতে কণমানিজনীৰ মূৰত আঘাতৰ চিন থকাৰ লগতে প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱাও প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে ৷ উল্লেখ্য যে, মোহন মাষ্টৰে উক্ত ঘৰটোত নিজে বসবাস কৰা নাছিল ৷ ভাৰাতীয়াকহে থাকিব দিছিল ৷ ঘৰখনত বিতু নামৰ এগৰাকী লোক ভাৰাতীয়া হিচাপে আছিল বুলিও নিকিতাৰ পিতৃয়ে উল্লেখ কৰিছে ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত কনমানি জনীৰ পিতৃ খগেন সৰকাৰে শিমলাগুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এই কণমানি কন্যাজনীক কোনে আৰু কি কাৰণত হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে এই সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা

ABOUT THE AUTHOR

...view details