অসম

assam

By

Published : Jul 3, 2022, 8:37 PM IST

ETV Bharat / state

মানাহ নদীত কিশোৰীৰ সলিল সমাধি

বৰজানা দ্বিতীয় খণ্ডত মৰ্মান্তিক ঘটনা । মানাহ নদীৰ সোঁতে উটুৱাই নিয়া 11 বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ (Dead body recovered at Manas River in Barpeta) ৷ অঞ্চলব্যাপী শোকৰ ছাঁ ।

Dead body recovered at Manas River in Barpeta
মানাহ নদীত কিশোৰীৰ সলিল সমাধি

জনিয়া, 3 জুলাই :দেওবাৰে দেও লাগিল বৰজানাত ৷ দেওবাৰে দুপৰীয়া বৰপেটা আৰু বঙাইগাঁও জিলাৰ সিমান্তবৰ্তি অঞ্চল বৰজানা দ্বিতীয় খণ্ডত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । মানাহ নদীৰ সোঁতত উটি গ’ল এগৰাকী 11 বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীৰ নাম মুচফীৰাত নাচৰিন বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, আন দিনাৰ দৰে অভয়াপুৰী থানাৰ অন্তৰ্গত বৰজানা দ্বিতীয় খণ্ডৰ বাসিন্দা জিয়াউৰ ৰহমান মণ্ডলৰ 11 বছৰীয়া কন্যা মুচফীৰাত নাচৰিনে সহপাঠী ৰুবিকা জান্নাতৰ লগত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যায় । তেনেতে মানাহ নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া ৰাস্তা পাৰ হোৱাৰ সময়ত ভৰি পিচলি পানীত পৰি যায় মুচফীৰাত ।

মানাহ নদীত কিশোৰীৰ সলিল সমাধি

মূহুৰ্ততে ভিতৰতে মুচফীৰাত আৰু তাইৰ বান্ধৱীজনীক পানীৰ সোঁতে উটুৱাই নিয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ৰাইজে ৰুবিকা জান্নাতক মূমুৰ্ষু অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু স্থানীয় লোকে মুচফীৰাত নাচৰিনক মানাহ নদীৰ কাষৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে (Dead body recovered at Manas River in Barpeta)। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী শোকৰ ছাঁ বিৰাজ কৰিছে ।

লগতে পঢ়ক :ধনশিৰি নৈত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details