অসম

assam

ETV Bharat / state

পুখুৰীত উদ্ধাৰ হাত-ভৰি বন্ধা যুৱকৰ মৃতদেহ; হত্যাৰ সন্দেহ পৰিয়ালৰ - murder news

হাত ভৰি বন্ধা অৱস্থাত পুখুৰীৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মাটিৰ সীমাক লৈ চলি থকা মনোমালিন্যৰ বাবেই চুবুৰীয়াই হত্যা কৰাৰ সন্দেহ ৷ যুৱকজনৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি পাটবাউসীত ৷

dead body recover
dead body recover

By

Published : Sep 8, 2020, 2:05 PM IST

বৰপেটা ৮ ছেপ্টেম্বৰ : বৰপেটাৰ পাটবাউসীত লোমহৰ্ষক ঘটনা ৷ হাত ভৰি বন্ধা অৱস্থাত সোমবাৰে নিশা পুখুৰীৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন পাটবাউসী দামোদৰদেৱ সত্ৰৰ সমীপৰ টিংকুমনি দাস ৷ দীপক দাস নামৰ লোকজনৰ ঘৰৰ পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে SDRF বাহিনীৰ জোৱানে ৷ মৃতদেহটো উদ্ধাৰৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্য ৷

ঘৰৰ কাষৰে দীপক দাসৰ দুই পুত্ৰসহ আন কেইবাজনো লোকে টিংকুমনি দাসক হত্যা কৰাৰ অভিযোগ ৷ দীপক দাসৰ পৰিয়ালৰ সৈতে সীমাক লৈ হোৱা মনোমালিন্যৰ বাবেই হাত ভৰি বান্ধি পুখুৰীত পেলাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ মাটিৰ সীমাক লৈ চলি থকা মনোমালিন্যৰ বাবেই দীপক দাসৰ দুই পুত্ৰ সত্যজিৎ দাস আৰু কিচক দাস নামৰ দুই ভাতৃয়ে হত্যা কৰাৰ অভিযোগ ৷

আনহাতে হত্যাকাণ্ডৰ সৈতে পংকজ দাস, আনন্দ দাস, কুলজিৎ দাস, দৰ্পন দাস, নিলিমা দাস আৰু বিনোদ নামৰ লোককেইজন জৰিত থকাৰ অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালে ৷ অভিযুক্ত বিনোদ দাসৰ বিৰুদ্ধে পূৰ্বেও আছে হত্যাৰ অভিযোগ ৷ বৰপেটা চহৰৰ এজন যুৱকক হত্যাৰ অভিযোগত কাৰাবাস খাটি আহিছে বিনোদ দাসে ৷

পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

পৰিয়াল দুটাৰ মাজত চলি থকা সীমাবিবাদ মীমাংসাৰ বাবে মঙলবাৰে মণ্ডল আহি মাটিৰ সীমা চমজাই দিয়াৰ কথা আছিল ৷ পিছে সীমাৰ কাজিয়া মীমাংসাৰ এদিন পূৰ্বেই আনটো পৰিয়ালৰ লোকে টিংকুমনি দাসক হত্যা কৰাৰ অভিযোগ মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ ৷ পৰিয়ালৰ লোকে জনোৱা মতে, সোমবাৰে সন্ধিয়া ৭ মান বজাত টিংকুমনি দাস নামৰ যুৱকজন ঘৰৰ পৰা বাটলৈ ওলাই আহিছিল ৷ তাৰপিচতে অভিযুক্তৰ দীপক দাসৰ ঘৰৰ কাষৰ পুখুৰীৰ পৰা হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷

ইপিনে টিংকুমনি দাস ঘৰৰ পৰা ওলাই অহাৰ সময়ত ঘৰৰ সন্মুখত এখন অ'টোত সন্দেহজনক অৱস্থাত বহি আছিল যুৱক কেইজন ৷ উক্ত যুৱককেইজনেই টিংকুমনি দাসক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী টিংকুমনি দাস এজন লেখক হিচাপেও পৰিচিত আছিল ৷ গল্প, কবিতাৰ জৰিয়তে নিজৰ সাহিত্য প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ টিংকুমণি দাসৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে পাটবাউসীবাসী ৷ হত্যাত অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ

ABOUT THE AUTHOR

...view details